অচ্যিন্ত কাই মোৰ।

যোৰহাট জিলাৰ উদিয়মান নাট্যকাৰ ,সচেতন যুৱক আৰু মোৰ ককাইদেউ !! তেখেতৰ লগত ফ’নতে প্ৰথম চিনাকী ! এটা বিশেষ হোৱাটচএপ গ্ৰুপ আছিল সেই গ্ৰুপত মই কিবা পষ্ট দিয়াৰ বাবে তেখেতে মোলৈ ফ’ন কৰি প্ৰায় ১ঘন্টা ধৰি কথোপকথন হৈছিল আমাৰ !! তাৰ পিছত তেখেতক বিভিন্ন ঠাইত ল’গ পাইছিলো ! আমাৰ মাজত ককাইদেউ সম্বন্ধটোহে কিন্তু আমি বন্ধুৰ দৰে বহু ধেমেলিয়া কথাৰে আনন্দত থাকো ।

ঋত্বিক আৰু মই!

ই মোৰ বন্ধু ঋত্বিক !! মই BA ত প্ৰথম যাওঁতে তাক ল’গ পাইছিলো আৰু ইমান ক’ম সময়ৰ ভিতৰতে বন্ধুত্ব গঢ় লৈ উঠিছিল যে নিজে গ’ম নাপালো!

ককাইদেউ মোৰ

ই মোৰ চন্দন ককাইদেউ!ঘৰ তাৰ বাক্সাত ! পেচাত সি শিক্ষক মোক মৰমৰ ওপৰত কৰে মৰম !! আমাৰ ঘৰলৈ আহিবলৈ তাৰ বহুত মন !! আমি কথা পাতিলে হয় যুক্তি আৰু প্ৰত্যেকটো কথাৰ সকাৰাত্মক নকাৰাত্মক দিশৰ ওপৰত ব্যাখ্যা! প্ৰথম চিনাকী লিখনীৰ পৰা! প্ৰথমতে বিশ্বাস কৰিব বিচৰা নাছিল লাহে লাহে মোৰ বিষয়ে আৰু মোৰ ব্যক্তিগত কিছুমান কথা কোৱাৰ পিছতহে ভাইটি হ’লো!!!! সি মোক মৰম কৰে !! মোৰো ভাল লাগে তাক!

ওৰাংত তিনিদিন

ওৰাংত তিনিদিন

সেইদিনা আছিল ২০২০ চনৰ ৩১ জানুৱাৰীৰ শুক্ৰবাৰ , ৰাতিপূৱাতে বিচনাৰ পৰা উঠা হ’ল প্ৰায় পূৱা ৫ মান বজাত মনত পৰিল এক বিশেষ ঠাই যোৱাৰ ঠিৰাং কৰাৰ কথা ! পিছে উঠি লৈ নিত্য নৈমিত্তিক কামবোৰ কৰিলো আৰু মোৰ সতে দুজন ককাইদেউ যোৱাৰ কথা আছিল , এজন আছিল ঘৰৰ কাষৰে ককাইদেউ এজন সেই ককাইদেউজনলৈ ফ’ন এটা কৰি খবৰ ল’লো উলাই হ’ল নাই বুলি ! যোৱাৰ দিনাখন মোৰ মনটো বৰ ভাল লাগি আছিল , পূৱাতে মায়ে ভাত ৰান্ধি দিয়াৰ বাবে খাই ল’লো ভালদৰে আৰু উলাই গ’লো যাত্ৰাৰ হেতুকে , ৰ’ব ৰ’ব এতিয়ালৈ আচল যাত্ৰাটো হোৱা নাই পিছে, ককাইদেউৰ ঘৰলৈ গ’লো ককাইদেউ বস্তু অলপ মোৰ বেগতে ভৰাই দিলে , আকৌ বাইক লৈ পিন্টু ককাইদেউৰ সৈতে ৰাওনা হোৱাৰ সময়তে আকৌ ফ’ন আহিল ইন্দ্ৰজিত ককাইদেউৰ , ইন্দ্ৰজিত ককাইদেউ উলোৱাৰ আগমূহূৰ্তত আমি অপেক্ষা কৰিলো তেওঁৰ ফ’ন অহালৈ ।ফ’ন অহা মাত্ৰকে আমি আৰম্ভ কৰিলো যাত্ৰালৈ বুলি ! এখন বাইকত দুজনতকৈ বেছি উঠিব নালাগে কোৱাৰ স্বত্তেও আমি সেইবোৰ নমনাকৈয়ে তিনিজন উঠি গ’লো বাইক’ত , পিছে ইন্দ্ৰজিত ককাইদেউৰ জেকেট সলাবলৈ অন্য এক ককাইদেউ দুৰ্লভ ককাইদেউৰ ঘৰত সোমাল আৰু জেকেট লৈ আকৌ আৰম্ভ হ’ল আমাৰ যাত্ৰা । কুৰুৱাবাহী তিনিআলি নোপোৱাৰ আগতে ইন্দ্ৰজিত ককাইদেউয়ে আমাক তাতে এৰিলে আমি গ’লো গাড়োপাৰাৰ ট’পন ককাইদেউৰ ঘৰলৈ তেওঁলোকৰ ঘৰলৈ গৈ পোৱাৰ পিছত আমি চাহ পিলো আৰু আমাৰ বাইকখন তাতে এৰি থৈ আমি ট’পন ককাইদেউক লৈ গ’লো আমাৰ লগতে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথলৈ লৈ গ’লো। তেওঁলোকৰ ঘৰৰ পৰা প্ৰায় ১ কিলো মিটাৰ খোজকাঢ়িলো আমি তিনিওয়ে ! আকৌ এজন ককাইদেউয়ে সেই সময়তে ফ’ন কৰিলে আৰু আমাৰ ল’গতে যোৱাৰ কথা কলে সেই কাৰণে আমি ৰৈ দিলো তেওঁ ৰাতিপূৱাতে গোলাঘাটৰ বুটলিখোৱাৰ পৰা আমাৰ ল’গত যোৱাৰ আশাত আহিছিল ! এটা কথা শুনিলে ভাল পাব পাঠকে , আমি চাৰিজন আছিলো ছাৰি জনৰ তিনিটা নাম আছিল , কেনেকৈ তিনিটা নাম পিন্টু ,ট’পন,ৰিন্টু,পিন্টু । দুজনৰ নাম একে আছিল । “পিন্টু দা” বুলি মাতিলে দুয়োজনে মাত দিছিল । আমি “সৰু পিন্টু দা” আৰু ” ডাঙৰ পিন্টু দা” বুলিছিলো একে ল’গত থকা সময়ত ।
আমি চাৰিজন এক ল’গ হ’লো বৰচাপৰীত ৰাতিপূৱা প্ৰায় ১০ঃ৩০ ত মিছন চাৰিআলিলৈ যোৱা গাড়িত উঠিলো , কিন্তু বহিবলৈ ঠাই নাছিল কিবা প্ৰকাৰে ঠিয় হৈ অলপ দূৰ যোৱাৰ পিছত আমাৰ চাৰিজনৰ ভিতৰত মইয়ে প্ৰথম বহিবলৈ পালো আৰু সদৌ শেষত সকলোৱে বহিবলৈ পালো যদিও বেলেগ ঠাইত বহিবলৈ পালো। আমাৰ গাড়িচালক বোৰে এনেদৰে যাত্ৰীসকলক গৰু ছাগলীৰ দৰে এশোপামান মানুহ ভ’ৰাই লৈ যোৱাটো আমাৰ প্ৰশাসন বিভাগে ভালদৰে চোৱাটো প্ৰয়োজন বুলি ভাৱো ! কিয়নো গাড়ি চালকসকলে প্ৰতিযোগিতা কৰি গাড়ি চ’লাই সেই কাৰণে দূৰ্ঘটনাবোৰ বেছি হয় , সেইবোৰ আমাৰ প্ৰশাসন যন্ত্ৰই ভালদৰে যদি পৰিদৰ্শন কৰে তেতিয়া নিশ্চয় এদিন এইবোৰ দুৰ্ঘটনা অলপ হলেও কমিব ! আৰু দুৰ্ঘটনা নোহোৱাটো আমি কামনা কৰো!
গাড়িতে ঠেলা সেচাঁৰ মাজেৰে ধুনিয়া ছোৱালী এজনী মই বহি থকা ঠাইলৈ আহিল আৰু মনে মনে মোলৈ ছাই হাঁহি আছিল মই ছাইচিলো যদিও মই চিনাকী হোৱাৰ কোনো চেষ্ঠা নকৰিলো ছোৱালীজনীয়ে নমাৰ সময়ত মোলৈ চাই চাইয়ে নামি গ’ল গাড়িৰ পৰা! এইটোৱে মোৰ যাত্ৰাৰ এক মনত থাকি যোৱা ছবি হৈ থাকিল।
আমি ভাৱিছিলো ১০০ মান ভাৰা ল’ব বুলি কিন্তু আমাৰ ভাৰা ল’লে ১৩০ টকা । সদৌ শেষত মিছন চাৰিআলি পালো আহি আৰু ককাইদেউক লাগিলে প্ৰসাৱ ককাইদেউয়ে পইছা দি প্ৰসাৱ কৰিবলৈ গ’ল ! আৰু আমি পেট পূজা কৰিবলৈ গ’লো এখন হোটেললৈ , হোটেলখনৰ নিয়মটো ভাল লাগিল প্ৰথমতে পইছা তাৰ পিছত খানা ! খোৱা বোৱা হোৱাৰ পিছত আমি ওৰাং অভিমূখে ৰাওনা হোৱাৰ হেতুকে আগবাঢ়ি গ’লো , গাড়ী দুখনৰ হেণ্ডিমেন দুজনে আমাক দুয়োজনৰ গাড়ীতে উঠাব খোজিছে কিন্তু শেষত প্ৰথমতে যিজনে আমাক কৈছিল গাড়ীত উঠিবলৈ তেওঁলোকৰ গাড়ীতে উঠিলো!
আমি শেষৰ চকীবোৰত সকলোৱে একেলগে বহি কথা পাতি পাতি , মেপ চাই চাই, হাঁহি ধেমালী কৰি কৰি আমি কেতিয়া ওৰাং টাউন পালো গমকে নাপালো ! আমাক টানি আজুৰি উঠাৰ বাবে ১০ টকা ডিচকাউন্ট দিলে , আমাৰ ভাৰা ৫০ টকাকৈ লৈছিল মিছনচাৰিআলিৰ পৰা ওৰাঙলৈ !
ওৰাংত পোৱাৰ পিছত আমাৰ ট’পন কাইটিৰ মনত পৰিল চেণ্ডেলযোৰ নাই অনা বুলি , চেণ্ডেল বিচাৰি বিচাৰি ওৰাং টাউনখন ঘূৰালে আমাক! শেষত যিটো কামৰ বাবে গৈছিল সেই দিশে গতি কৰিলো আৰু দেখিলো এক বিশাল ঘৰ যিখনৰ ওপৰত লিখা আছিল “অসম কুৰ্মি সমাজ ” বুলি অধিৱেশন স্থলিত গৈ এক সুন্দৰ ভাৱ আহিল আৰু সেই মঞ্চতে কেইগৰাকীমান শিক্ষিত মহিলাই দি আছিল ভাষণ সেই ভাষণত আছিল তেওঁলোকৰ আবেগ অনুভূতিবোৰ , তেওঁলোকে মনত পুহি থোৱা সেই অতীতৰ কথাবোৰ ! সেইবোৰ কৈ কৈ আমাৰ নাৰী সমাজক দিব বিচাৰিছিত এক সংবাদ । আমাৰ আকৌ সেই গধুৰ বেগবোৰ পিঠিতে আছিল যিবোৰ বেগত আমাৰ বিভিন্ন বস্তু থকাৰ বাবে আমাক অলপ অলপ ভাগৰ ভাগৰ অনুভৱ হৈ আছিল ! কিন্তু উপাই নাই ল’বতো লাগিবই ! সভাখন নোহোৱাৰ আগতে বিজু ককাইদেউয়ে আমাক থকাৰ ব্যৱস্থা কৰি দিম বুলি কথা দিছিল কিন্তু সেই কথা ৰাখিব বুলি ভাৱি আমি আছিলো অপেক্ষাৰে ৰৈ কিন্তু শেষত সেই কথা ৰাখিব নোৱাৰিলে , অথচ আমি তেওঁৰ আশাতে গৈছিলো । আমাক এই কথাষাৰে মনত দুখ দিলে যি দুখ আজিও জ্বলি আছে আমাৰ প্ৰত্যেকৰে বুকুত ! আমি দুখ নাপালো হয় যদি কৈ দিলে হয় আগতীয়াকে । কিন্তু তেখেতে সেই কাম নকৰি আমাৰ মনত আঘাত পোৱা এটা কাম কৰিলে ! সেই মনত সাঁচ বহাই যোৱা ভাষণৰ মাজত মনোকষ্ট পাই মই অকলে উলাই আহিলো ৰাস্তালৈ বুলি আৰু মই ফেচবুকত চিনাকী হোৱা দিপক মাহাতোক ফ’ন কৰিলো আৰু ফ’ন কৰাৰ কিছু সময়ৰ পাছতে সি আহি ওলাল ! সি কাম কৰি থকা স্বত্যেও মই যোৱাৰ কথা গ’ম পাই ততাতয়াকৈ আহিল ! আৰু কলে “ব’লা” বুলি কোৱাত মোক ভাল লাগিল আৰু ককাইদেউসকলৰ কাষলৈ লৈ গ’লো আৰু চিনাকী কৰি দিলো ! বহু মানুহে কয় সামাজিক মাধ্যমবোৰ বেয়া বুলি কিন্তু ইয়াৰ সুফল এটা পালো ! শেষত আমি দিপকৰ ঘৰলৈ গ’লো অলপ ভৰি হাত ধুই আহো বুলি ! তেওঁলোকৰ ঘৰত যোৱাৰ পিছতে আমাক ঘঁটি পানীৰে সম্ভাষণ জনালে ! দিপকৰ ঘৰটো ওৰাঙৰ মাজ চুমাগাঁওত , দিপক এজন উদাৰ হৃদয়বান আৰু বহল মনৰ অধিকাৰী । তেওঁলোকৰ ঘৰতে ভৰি হাতবোৰ ধুই লোৱাৰ পিছত আমাক চাহ দিলে যি চাহ খাই আমাৰ মনবোৰ ফুৰিবৰ বাবে এক শক্তিৰ যোগান ধৰিলে !ককাইদেউ কেইজনে ম’বাইলত খেল চাই জিৰণি ল’লে ! সেইদিনা বিদ্যুৎ কৰ্তন কৰিছিল আৰু আমাৰ ম’বাইলবোৰৰ চাৰ্জ নাইকীয়া হৈ আছিল! চাৰ্জ নথকাৰ কাৰণে আমি ম’বাইল চলাব পৰা নাছিলো ! অ’ আমি কিমান সময়ত পালো ক’বলে পাহৰিছিলোৱে , আমি ২ঃ৩০ ত পাই গৈছিলো। দিপকৰ ঘৰ ইমানে ভিতৰত যে বৰ আমনি লাগিছিল দিপকৰ ঘৰ অহা যোৱা কৰি ! দিপকৰ পৰিয়ালটো আমাৰ নিজৰে যেন অনুভৱ হৈছিল , সকলোৱে যে ইমান মৰম কৰিছিল আৰু মনে মনে বেয়া পাইছিল যদিও ক’ব নোৱাৰো! যোৱাৰ দিনা সন্ধিয়া আমি উলাই আহিলো আমি “অসম কুৰ্মি সমাজৰ” সভালৈ বুলি ! কিন্তু তাৰ আগতে আমাৰ ককাইদেউ সকলৰ লগত ওৰাং চাৰিআলি যাব লগিয়া হ’ল ! আমি চাৰিআলিলৈ খোজকাঢ়িয়ে গ’লো আৰু আমি ফাচ্‌ ফুডৰ দোকানত সোমালো সকলোৱে খাই আছে কিন্তু মই এইবোৰ খাই বেয়া পোৱাৰ বাবে মই ঘুগুনিকে খালো আৰু এইবোৰ খোৱাৰ পিছতে আমাৰ পিন্টু ইস্কুৱাৰৰ এটা বস্তুৰ প্ৰয়োজন হ’ল এই বস্তুটোৰ নামটো ক’ব নোৱাৰো পিছে ককাইদেউসকলৰ এই বস্তু বিচাৰি আমাকো লৈ গ’ল ল’গত আৰু ইমানে খোজকাঢ়িলো যে অলপ জিৰণি ল’বৰ মন গৈছিল যদিও জিৰণি লোৱা ঠাই আছিল বহু দূৰত ! আমি সভালৈ বুলি আহিলো আৰু তাতে ল’গ পালো লক্ষেশ্বৰী বাইক, নিতু ভন্টিক , প্ৰিয়ংকা বাইক , পুষ্পাঞ্জলীকো পালো ল’গ । তেওঁলোকক ল’গ পাই সঁচাই মোৰ ইমানে ভাল লাগিল যে এনেকুৱা ভাল আৰু কেতিয়াও ল’গা নাচিল । প্ৰথম দিনা আমাৰ ককাইদেউসকৰলৰ ল’গতে আমাকো ভাগৰ লাগি আছিল ! ট’পনে আকৌ চা’ব বিচাৰিছিল অনুস্থানবোৰ , কিন্তু ককাইদেউসকলে ইমানেই যোৰ কৰিলে যে আমি আহিব ল’গিয়া হ’ল । প্ৰথম নিশা আমি প্ৰায় ১ টা মানত দিপক ঘৰ পালোহি , তেওঁলোকৰ ঘৰত ভাত খাবলৈ দিছিল আৰু অন্ন গ্ৰহণ কৰি আমি শয়ন কক্ষলৈ গ’লো ! অ’ আৰু এটা কথা পাহৰিছোয়ে দিপক ঘৰ যেতিয়া আমি চাৰিওজন গৈ পাইছিলো তেতিয়া আৰু এজন ককাইদেউয়ে আমাক বিচাৰি বিচাৰি গৈছিল আৰু মানুহ এজনক সুধিছিল দিপক ঘৰ কোনটো বুলি কিন্তু মানুহজনে আন এজন দিপকৰ ঘৰ দেখুৱাই দিছিল ! শেষত আমাক বিচাৰি পাইছিল । সেই ককাইদেউ সকলৰ নাম আছিল দেবানন , আনন আৰু ইজনৰ নামটো মই পাহৰিয়েই থাকিলো।
আমি ১ঃ৩০ মান বজাত বিচনাত পৰিছিলো যদিও আমাৰ টোপনি অহা নাছিল প্ৰায় ৩ টা মান বজালৈকে ! আামি আকৌ চাৰিওজন একেটা বিচনাতে শুলো । এই কথাবোৰ আৰু মূহূৰ্তবোৰ সঁচাই মনত থাকিব! পিছদিনা ল’গ পালো নবিন দা’ক তেওঁ মোৰ কবিতা এটা প্ৰকাশ পাইছে বুলি কোৱাত মোৰ বিশ্বাস হোৱা নাছিল কিন্তু দ্বিতীয়বাৰ যেতিয়া মোক আকৌ এবাৰ ক’লে তেতিয়া মই সেই স্মৃতিগ্ৰন্থ দিয়া দোকানখনলৈ বুলি গ’লো আৰু মোৰ নামটো চাই চাই শেষত নামটো পালো যদিও কোনো বেলেগ ৰিন্টু বুলি ভাৱিচিলো কিন্তু কবিতাটো চাইহে মোৰ বিশ্বাস হ’ল ! এই কবিতাটো হইতো নবিন দায়ে দিছিল কিন্তু তেখেতে মোক কোৱা নাছিল ! মনে মনে মিছিক মিছিককৈ হাঁহি মাৰি আছিল তেতিয়াই মই গ’ম পাইছিলো” দাল মে কোছ কালা হে” ককাইদেউক মই অন্তৰৰ পৰা ধন্যবাদ জনাইছো , নবিন ককাইদেউৰ উদাৰতা আৰু ভ্ৰাতৃশোলভ যি মৰম আৰু যি আৰ্শীবাদ দিয়ে সেই মৰম আৰু আৰ্শীবাদে সচাঁই মোৰ বৰ ভাল লাগে! তেওঁৰ কথাবোৰে যেন দি যায় এটা এটা বিশেষ শিক্ষা ! নবিন ককাইদেউৰ লগ’তে ল’গ পালো লক্ষ্যজিত ককাইদেউক আৰু ল’গ পালো জোগেচ ককাইদেউ , বুলেন ককাইদেউ আৰু বুলেন ককাইদেউৰ ভাইটিকো পালো ল’গ । আকৌ মোৰ বাল্য বান্ধৱী ৰুমিকো বহু দিন ল’গ পোৱা নাছিলো কিন্তু ল’গ পাই সচাঁই মোৰ বৰ ভাল লাগিল! আমাৰ কুৰ্মি সমাজৰ গৌৰৱ তথা মিছ ইউনিভাৰ্ছ খিতাপেৰে বিভূহিত ডলি কুৰ্মি বাইদেউক ল’গ পাই বৰ ভাল লাগিল বাইৰ কথাবোৰ শুনি ইমানে ভাল লাগিল যে ক’ব নোৱাৰো আৰু ! মোৰ পেহা তথা এজন ভাল লেখক ধনিৰাম পেহাই দোকান দিছিল কিতাপৰ সেই কিতাপ দোকানতে আমাৰ গাঁওৰ এজন শিল্পী গৌতম দেৱ মাঝি ককাইদেউক ল’গ পালো তাতে আকৌ দ্বিতীয়বাৰ ল’গ পালো ইন্দ্ৰজিত ককাইদেউক । মই আৰু ট’পন ঘূৰি ফুৰিলো মেলাৰ মাজত আৰু প্ৰদৰ্শনিবোৰ চাই চাই ঘূৰি ফুৰিলো ! প্ৰদৰ্শনিবোৰত আছিল বিভিন্ন ধৰণৰ বহু পূৰণি হেৰাই যোৱা বস্তুবোৰ নামেৰে সৈতে সঁজাই পৰাই থৈছে , আমাৰ মাজৰ পৰা হেৰাই যোৱা গৰু গাড়ী, বিবাহ হ’লে কান্ধেৰে কণ্যাক উঠাই লৈ যোৱা সেই বস্তুবোৰ চাই সঁচাই বৰ ভাল লাগিছিল! আৰু কিছুমান দৃশ্য দেখি ভাল লাগিছিল সেইয়া হ’ল মনসা পূজা, টুচু পূজা, কৰম পূজা, বিয়া , আদি বৰ প্ৰকাণ্ড প্ৰকাণ্ড মঞ্চবোৰ সঁচাই চা’ব লগিয়া! ঢেঁকিৰ পৰা আদি কৰি খেতি কেনেকৈ কৰে আৰু খেতিৰ সঁজুলিবোৰক কি বুলি কোৱা হয় এই সকলোবোৰ লিখি লিখি সকলোৰে চিনাকীৰ অৰ্থে থোৱা আছিল! দ্বিতীয় দিনা আমি দিপকক বহু কষ্ট কৰালো কিয়নো দিপকৰ ঘৰৰ পৰা আমাৰ সকলোৰে বেগ আনিব দিছিলো আৰু আমি শিবিৰত থাকিম বুলি কম্বল আৰু চাদৰ আনি থৈছিলো কিন্তু এইবোৰ যোগাৰ কৰি আমি সভালৈ যোৱাৰ বাবে সভাৰ পৰা আহি আমি দেখিলো আমি আনি থৈ যোৱা সেই কাপোৰবোৰ লৈ বেলেগ মানুহবোৰ শুই আছিল ! এইবোৰ চাই সেই মোৰ খং মূৰত উঠিছিত আৰু ক’বলৈ মন গৈছিল এইয়াই নেকি আপোনালোকৰ নকওঁ আৰু বুজি পাইছে হইতো আমাৰ যদি কোনো চিনাকী নাথাকিল হয় তেতিয়া আমি সেই ঠাণ্ডাত আমাৰ কি অবস্থা হ’ল হয় আপোনালোকৰ ভাৱিবলৈ সময় আছেনে? নাই । আমাৰ কোনো অসুবিধা নাই কিন্তু যদি ছোৱালীৰ ক্ষেত্ৰত যদি হয় তেনে অসুবিধা তেতিয়া ছোৱালিবোৰ ক’ত গ’ল হয় !নাই কোনোয়ে কেৱল নিজৰ সেই পদক লৈয়ে অহংকাৰ কৰে ! মই এই কুৰ্মি সমাজৰ সমিতিক প্ৰত্যাহ্বান জনাইছো! এইয়া আমাৰ সমিতিখনৰ দুৰ্বলতা । মই কুৰ্মি সমাজক ভাল পাওঁ আৰু সন্মান কৰো । কিন্তু কিছূমান নিদিষ্ট কুৰ্মি সমাজখনৰ কিছুমানৰ কৰ্মবোৰ আৰু তেওঁলোকৰ অহংকাৰক মই ঘৃণা কৰো! এখন সভা পাতি মানুহ মতাটো ডাঙৰ কথা নহয় সেই মানুহবোৰক নিত্য নৈমিৰ্তিক ব্যৱস্থাবোৰ কৰি দিয়াটোহে ডাঙৰ কথা । সেইবুলি মই ওৰাংবাসী কুৰ্মি সমাজক বেয়া বুলি কোৱা নাই আৰু নকওঁ । যিকেইঘৰ কুৰ্মি ঘৰত গৈছো তেওঁলোকে যি শুচ্ছৰ্সা কৰিছে তাত আমি সন্তুষ্ট ।
শিবিৰত ঠাই নাপাই আকৌ গ’লোগৈ দিপকৰ ঘৰলৈ ভাগ্য ভাল আমাক সেইদিনা আমাক তেওঁলোকৰ ঘৰত স্থান দিলে । তৃতীয় দিনা বিকাশ ককাইদেউক ল’গ পালো !
নিশাৰ সময়ত বহু শিল্পিৰ আগমনেৰে মঞ্চ ৰজনজনাই উঠিল ! দ্বিতীয় নিশা আহিল বিপ্লৱীকা কুৰ্মি। তৃতীয় নিশা আহিল ঝুমইৰ সম্ৰাট দুলাল মানকি আৰু ৰশ্মিতা কুৰ্মি। তেওঁলোকৰ গীতবোৰে সকলোকে চকীৰ পৰা সেই মুকলি ঠাইবোৰলৈ লৈ গ’ল আৰু সকলোৱে তালে তালে নাঁচিবলৈ ধৰিলে ! আমাক ঘৰলৈ লৈ যোৱাৰ কথা আছিল এখন গাড়ীত ঘৰলৈ বুলি কিন্তু সেই গাড়ীখন আমাক এৰি থৈ গুছি গ’ল আমি চাৰিওজন আৰু দেবানন ককাইদেউসকলৰ তিনিজন আৰু দিপকৰ সকলো পৰিয়ালৰ সৈতে আমি সকলোৱে নাচিলো । প্ৰায় ৩ টা বাজিবৰ হ’ল আমি ভাৱিলো যাওঁ ঘৰলৈ কিন্তু নাই কাৰো গা নলৰিল ৰাতি। আমি দিপকৰ পৰিয়ালৰ পৰা বিদায় মাগিলো আৰু যাওঁবুলি আহিলো কিন্তু কোনো গাড়ী নোপোৱাৰ বাবে আমি বিদায় লৈ অহা সেই দিপকৰ ঘৰলৈ ৰাওনা হ’লো । পিন্টু দাদা আৰু পিন্টু দাদা দুজনে বাইকত গ’ল আৰু দেবানন ককাইদেউ ট’পন আৰু মই গ’লো খোজকাঢ়ি । আমি গৈ থকাৰ সময়ত প্ৰায় ৩ঃ৩০ হইছিল কুকুৰাই চিঞৰি আছিল কুৱলীত একো দেখা নাছিলো যদিও আমি দিপকৰ ঘৰ পালো গৈ ৰাতি ভৰি হাত ধুই বিচনাত পৰিলো , সেইদিনা ডাঙৰ পিন্টু ককাইদেউয়ে তেওঁৰ ম’বাইলৰ ৰিংটনতো হাঁহি উঠা দি থৈছিল ! ৰাতিপুৱাই যেতিয়া ফ’ন আহিছিল তেতিয়া সকলোৱে হাঁহিছিল ৪ টা বজাত শুই ৯ টা মান বজাত সকলো উঠিলো আৰু মুখ ধুই ৰাতিপুৱাতে চাহ খাই আমি উলাই গ’লো ঘৰলৈ বুলি ! ডাঙৰ আৰু সৰু পিন্টু আৰু ট’পন ককাইদেউ গ’ল বাইকখনৰ মালিকক দিবলৈ আৰু মই দেবানন ককাইদেউ খোজকাঢ়ি গ’লো আমাক দিপকৰ ককাইদেউ নিৰঞ্জন ককাইদেউয়ে আগবঢ়াই দিলে আৰু ক’লে “আজিৰ পৰা উকা উকা লাগিব আমাৰ ঘৰ” আৰু বিদায় দিলে । আমি ওৰাং আহি আগতিয়াকৈ পালো আৰু পিন্টু ককাইদেউৰ ল’গত আহিল বহুজন আমি প্ৰায় ১০ জন মান হলো গৈ । এখন হোটেলত আমি পৰঠা আৰু পেট ভৰাকৈ বহু বস্তু খালো আৰু গাড়ীত উঠিলো মোৰ কাষত বহিল এজন শিল্পী তথা ককাইদেউ গণেশ কুৰ্মি আৰু কানত হেড্‌ফ’ন লগাই গান শুনি শুনি মিছনচাৰিআলি কেতিয়া পালো গ’মকে নাপালো ! আকৌ গাড়ি সলনি হ’ল আৰু আমি উঠা গাড়ীলৈ আহিল এজন অন্ধ মানুহ অন্ধ মানুহজনে পইছা বিছাৰিচে অথচ কোনোবাই পইছা নিদিলে এনেকুৱাকে লাজ দিছে নহয় পইছা দিবলৈ বাধ্যত পৰি গৈছে সকলোৱে । আৰু হিজৰা সকলো পইছা বিচাৰি আহিছিল নিদিয়াকৈ থাকিব নোৱাৰি ।মই খিৰিকীৰ কাষত বহাৰ বাবে মিহি মিহি বতাহে কেতিয়া টোপনি টোপনি আনিলে গ’মকে নাপালো! আহি আহি পালো বোকাখাট আৰু বোকাখাটতে চানা খালো কিয়নো আৰু বেছি দূৰ নাছিল ঘৰ পাবলৈ ! বোকাখাটত আমাৰ গাড়ীখন ৫ মিনিট ৰৈছিল ! আৰু শেষত আহি পালোহি বৰচাপৰি আৰু বাকীবোৰ ককাইদেউক গাড়ীতে এৰিলো , বৰচাপৰিতে নামি ট’পনৰ ঘৰলৈ গ’লো আৰু আমি থৈ যোৱা বাইকখন লৈ কুৰুৱাবাহীলৈ গ’লো আৰু কুৰুৱাবাহী তিনিআলিৰ পৰা ঘৰ আহি পালো প্ৰায় ৩ টা মান বজাত আৰু ঘৰলৈ আহি মূখ হাত ধুই শুই থাকিলো।

✍ৰিন্টু কুৰ্মি
৭০৮৬২১১৪৭৮

ম’লাই কাঠনি

ম’লাই আৰু আমিবোৰ সেইদিনা আছিল জানুৱাৰীৰ ৬ তাৰিখ ২০২১ । মই পুৱাতে ৪ বজাতে উঠিলো মায়ে খাই যাবলৈ খোৱাৰ ব্যৱস্থা কৰিলে আৰু ভন্টিয়ে জোতাজোৰ চাফা কৰিলে । মই গা ধুবলৈ আৰম্ভ কৰাৰ আগত ঠাণ্ডাত কপি আছোঁ, হিঃহিঃ উপাই বিহীন গা ধুবই লাগিব এতিয়া কৰো কি? মই বাল্টিত পানী ভ'ৰাই ল'লো আৰু একেবাৰতে ঢালি দিলো আৰু গা ধুবলৈ আৰম্ভ কৰিলোঁ। গা ধোৱা হোৱাৰ পিছত মায়ে জ্বলোৱা জুইৰ কাষত বহিলো মায়ে "মা" ৰ সৰুৰ অভিজ্ঞতাবোৰৰ কথা কৈ আছিল ।মই সেইবোৰ শুনি লৈ খানা খালো আৰু প্ৰায় ৬ টাতে ঘৰৰ পৰা মোৰ বুলেট(মোৰ মৰমৰ চাইকেলখন) লৈ ঘৰৰ পৰা ওলালো চাৰিওফাল কুৱঁলীৰে পৰিপূৰ্ণ, একো দেখা নাই উপাই নাই গাড়ী ৭ টা বজাত পাব কুৰুৱাবাহী তিনিআলিত সেই কাৰণে গ'লো । আমাৰ কুৰুৱাবাহীৰ ইতিসাহ আছে এতিয়া নকওঁ বাৰু বেলেগ এদিন ক'ম। এতিয়া মেইন কথালৈ আহোঁ , কুৰুৱাবাহী তিনিআলিলৈ উলাই গ'লো জিৰণি ঘৰত অপেক্ষা কৰি আছো কেতিয়া আহিব গাড়ীখন তেনেতে বন্ধু প্ৰণয় গোস্বামী আহিল তাৰ লগত কথা পাতি পাতি বহু সময় অপেক্ষা কৰিলোঁ! শেষত এটা ফ'ন মানে দুটা ফ'ন ৰশ্মি আৰু আকাশে ফ'ন কৰি সুধিছে " ক'ত আছা ৰিন্টু ? ৰাস্তাৰ কাষলৈ উলাই আহা। " আৰু গাড়ীখন পালো। সকলোৰে মুখত উজ্বলতা আৰু সুখ । মোক বিশ্বজিত দায়ে তাৰ কাষতে বহিবলৈ ক'লে বহাৰ অলপ পিছত মনত পৰিল মই মোৰ মই fees টো দিয়া নাই দি ল'লো আৰু বহিলো! সকলোৰে নৃত্য আৰু চিঞৰ। এইবোৰ আনন্দ মুখত বিৰিঙিচে হেপাঁহ চাবলৈ গৈ আছো "মলাই" । মই এটা ধেমেলিয়া dance কৰি থকা সময়ত আকাশে ভিডিঅ কৰি whatsapp status ত দি ভাইৰেল কৰি দিলে সকলোৰে মোক দেখি হাঁহি।

গৈ গৈ যোৰহাট পাই আমাৰ break fast খোৱাৰ কথা হ’ল সেইবোৰ আমি যোৱাৰ আগৰ দিনাই ব্যৱস্থা হৈ গৈছিল । ব্ৰেড আৰু বহুত কিবাকিবি আছিল। লগতে আছিল এটা কণী ,কণী হিজোৱাৰ দায়িত্ব দিয়া হৈছিল আকাশ (আকাশ ঘোষ)ক কিন্তু সি আধা সিজোৱা কণী লৈ গৈছে হাঃহাঃ হাঁহি খং প্ৰায়বোৰৰে সি চ’ৰি চ’ৰি হে কৈ আছে অকল। সকলোয়ে সুধি আছে কণী কোনে সিজাইছিল সি মোৰ ওচৰতে বহি নিমাত । বিশ্ব(বিশ্বজিত দাস)য়ে চাহ আনি বিলাই আছে মোকো দিলে চাহ ।চাহ গাড়ীৰ চকীত বহি খোৱাৰ অভিজ্ঞতা হাঃহাঃ এবাৰ চাব । না লৰ চৰ হ’ব পাৰিছো না আওজিব পাৰিছো শেষত উপাই নাপাই আকাশে মোক কৈছে “ৰিন্টু ধৰাছোন গ্লাচটো” মই ধৰি আছো মোৰ হাঁহি য়ে কৈ আছে হাঁহাঁ ! একো নাই সেইটো সময়তে এটা ফ’ন আহিল মলাই মানৱৰ জী মুনমুনি পেগু বাইদেউৰ ফ’ন “তোমালোক আহি আছা নে কি? তোমালোকৰ এজনে মোক live location বিচাৰিছে” মই ক’লো ঠিক আছে মোক whatsapp ত দি দিয়ক । location দিয়াৰ পিছতে সেই location ৰ মতেই আমি গ’লো আৰু যি ৰাস্তাত গ’লো সেই ৰাস্তা ব’ৰ বিপদজনক আছিল তথাপিও ড্ৰাইভাৰ জনে সেই ৰাস্তা সুকলমে পাৰ কৰিলে ! ড্ৰাইভাৰ জনে ২৭ বছৰ গাড়ী চ’লোৱা অভিজ্ঞতা আছে বুলিও কৈছিল !শেষত আমি গৈ গৈ অসমৰ যোৰহাট জিলাৰ ককিলামুখৰ ওচৰৰ ব্ৰহ্মপুত্ৰৰ ঔনামুখ চাপৰিৰ এক বৃহৎ এলেকাত গছপুলি ৰোপণ কৰি এখন অৰণ্যলৈ ৰূপান্তৰ কৰো। ৫৫০ হেক্টৰ অঞ্চল জুৰি থকা অৰণ্যখন যাদৱ পায়েঙৰ সন্মানাৰ্থে ‘মুলাই কাঠনি’ নামেৰে নামকৰণ কৰা হৈছে।ঔনামুখ চাপৰিটো ব্ৰহ্মপুত্ৰৰ এটা বৃহৎ চৰ। ইয়াৰ দৈৰ্ঘ্য প্ৰায় ২৭ কিলোমিটাৰ আৰু বহলে প্ৰায় ১৫ কিলোমিটাৰ। সেই ম’লাই যোৱাৰ ব্ৰক্ষ্মপুত্ৰ পাৰ পালো গৈ ব্ৰক্ষ্মপুত্ৰ আমাৰ গাড়ী ৰখোৱা ঠাইৰ পৰা প্ৰায় ৪/৫ কিলোমিটাৰ নিলগত আছিল ,ম’লাইলৈ আমাক লৈ যোৱা গাইড জিতু দা আহি আমাক ল’গ কৰিলে আৰু ম’লাইলৈ বুলি লৈ গ’ল! আমি বালিৰ মাজেৰে ধেমালি কৰি কৰি নদীৰ কাষ পালোগৈ আৰু মেছিন নাওঁত উঠিলো ,মেচিন নাওঁত উঠাৰ আনন্দত আত্মহাৰা সকলো। এখন মেচিন নাঁওত প্ৰায় ২০/২৫ জন যাত্ৰীহে যাব পাৰে সেয়েহে আমাৰ সকলোকে পাৰ হ’বলৈ ২ বাৰ লাগিল , ব্ৰক্ষ্মপুত্ৰ পাৰ হৈ আকৌ ৩/৪ কিলোমিটাৰমান খোজ কাঢ়িব লগিয়া হৈছিল সেই খোজ কঢ়া মূহূৰ্তত মই আগতে ম’লাইৰ বিষয়ে পঢ়িছিলো যদিও google ত অলপ পঢ়ি পঢ়ি গ’লো । ম’লাই যোৱাৰ ক্ষণত বগৰী গছ বহুত পাই গৈছিলো সেই বগৰী খাই খাই আমি কেতিয়া ম’লাই কাঠনি পালো গ’মকে নাপালো। কাঠনিৰ মাজতে আছিল সৰু ঘৰ কিছুমান য’ত ম’হ বন্ধা আছিল আৰু সেই কাঠনীৰ ৰখীয়া কৰা ককাই কেইজনে মাছ ভাজি আছিল।মাছ ক’ৰ সুধাত সহজ সৰল ভাষাৰে কৈছিল “আমাৰ ওচৰতে থকা সেই বিল খনৰ মাছ ” বাঘ ওলাই নে? “ওলাই অলপ আঁতৰতে থাকে” ভয় লাগে নেকি? “নাই নালাগে নালাগে” এনেধৰণৰ সাধাৰণ কথাবোৰ পাতি তেওঁলোকৰ লগত চিনাকী হ’লো ,তাতে আমাৰ চিজনা,হ’তে বগৰী খাবলৈ নিমখ বিচাৰি খালে আৰু খোৱা হোৱাৰ পিছত আমাৰ জিতু ককাইয়ে যাদৱ পায়েং ডাঙৰীয়াই প্ৰথম যি গছ ৰুইছিল সেই গছজোপা দেখুৱাবলৈ লৈ গৈছিল ,সেই গছজোপা পায়েং ডাঙৰীয়াই বান পানীত বৈ আহি থকা সময়তে ৰখাই লৈ সেই গছজোপা লালন -পালন কৰি ডাঙৰ কৰিছিল আৰু তেতিয়াৰে পৰা তেওঁ এই গছ ৰোৱাৰ কাম আৰম্ভ কৰিছিল, ম’লাইলৈ হাতী ,বাঘ, চ’ৰাই চিৰিকটি আদি বিভিন্ন জীৱ জন্তুৰ আগমন ঘটে, বিভিন্ন দেশী বিদেশী পৰ্যটকৰো আগমন হোৱাৰ কথাও জানিবলৈ দিয়ে জিতু দায়ে আৰু বিভিন্ন ধেমেলীয়া কথাৰে আহি আহি আগৰ দৰে অলপ খোজ কাঢ়ি আহি নাওঁত পাৰ হৈ আকৌ আকৌ খোজ কঢ়াৰ পিছত গাড়ীৰ ওচৰ পালোহি ।আহি পায়ে নিসিজা কণীবোৰ গাড়ীত গৰম হৈ সিজি গৈছিল অলপ অলপ সেইবোৰ খাই গাড়ীত সকলোয়ে উঠিলো ।আমাৰ নায়ক ছাৰৰ চুগাৰ কমি যোৱাত মৰ্টন আনি দিয়াতহে ভাল পালে ।আকৌ গাড়ীত বহি আমি পায়েং ডাঙৰীয়াক লগ কৰিবলৈ তেওঁৰ ঘৰলৈ গ’লো তেওঁ কোনোবা ৰাষ্ট্ৰীয় সাংবাদিক তেওঁক লগ কৰিবলৈ আহিছিল তেওঁলোকক লগ কৰি অহাৰ আগতে আমি আহি পৰিয়ালৰ সদস্যসকলৰ লগত কথা বাৰ্তা পাতিছিলো আৰু পায়েং ডাঙৰীয়াৰ পত্নী ,পুত্ৰৰ,আৰু ছোৱালীৰ সৈতে কথা পাতি থকাৰ সময়তে পায়েং ডাঙৰীয়া আহি উপস্থিত হৈছিল আৰু তেওঁক জে ডি এছ জি মহাবিদ্যালয়ৰ ৰাজিনীতি বিজ্ঞান বিভাগৰ তৰফৰ পৰা সম্বৰ্দ্ধনা জনোৱাৰ লগতে তেওঁৰ লগত ফট উঠিবলৈ হেতাঁওপৰা লাগিছিল ,মইয়ো বাৰু উঠিলো একপি। তেখেতে লক ডাউনৰ প্ৰসংগত কৈছিল “বিশ্বত যদি এনেকুৱা আৰু এবাৰ লক ডাউন দিয়া হয় তেনে প্ৰকৃতিৰ ভাৰসাম্যতা ঘূৰি আহিব” খন্তেক সময়ৰ বাবে আমি তেখেতৰ কোৱা কথাবোৰ শুনাৰ পিছত গড়ীত আহি বহিলো আৰু যোৰহাটত পেট পূজা কৰি আকৌ গাড়ীতে বহিলো। এইবাৰ খাই বৈ সকলোৰে এনাৰ্জি বাঢ়ি গ’ল যিমান সন্ধিয়া হৈ আছে সিমানে আমাৰ নৃত্য চলিছিল গাড়ীৰ ভিতৰত গাড়ীৰ ভিতৰত মইয়ো মাজে সময়ে নজনা নাচবোৰ দি থাকিলো। আকৌ বহুত ফুৰিম বুলি ভাবিছিলো কিন্তু সময়ৰ নাটনি হ’ল ।আহি আহি মই কুৰুৱাবাহী তিনি আলি পালো , মইয়ে প্ৰণয়ে গাড়ীৰ পৰা নামিলো মই মোৰ ৰাজদুতখন উৰফে চাইকেলখন ললো আৰু ঘৰলৈ যাত্ৰা আৰম্ভ কৰিলো।

ৰিন্টু কুৰ্মী
৭০৮৬২১১৪৭৮

বা আৰু মই

এই মোৰ বা !! প্ৰথম চিনাকী সৈয়ে ভিডিঅ’ ক’লত কথা পতাৰ ফ’ট!! বা জনী সহজ সৰল ! মোক ভাইটি বুলি সম্বোধন কৰে ! মই কিন্তু বা বুলিয়ে ভাৱো আৰু ভাৱি যা’ম! বা সাংবাদিকতাৰ লগত জৰিত বা যোগ বিদ্যাতো হাত আছে বা’ৰ !! মোক মাজে সময়ে গালি দি থাকে !! rin2

বা আৰু মই

বা মোৰ মৰমৰ নাম পৰশা! বায়ে মোক ভাইটি বুলি সম্বোধন কৰে মৰমো বহুত কৰে কয় সহায় লাগিলে ক’বা বুলি !! বা এতিয়া বিয়া হ’ল ভিনিদেউ আৰু বায়ে তেওঁলোকৰ শিৱসাগৰ স্থিত ঘৰলৈ মাতি থাকে কিন্তু যা’বহে নোৱাৰো !! বা’ক প্ৰথম শিৱসাগৰত ল’গ পাইছিলো যেতিয়া আমি অঃসাঃচাঃৰ সমিতিৰ বিষয়া কিছুমানে AC দিপাৱলী বা’ক ল’গ কৰিবলৈ গৈছিলো!!বা’ৰ সহজ সৰল কথা আৰু ভ্ৰাতৃ প্ৰেম সলাগ ল’বলগিয়া!rin2

Design a site like this with WordPress.com
Get started