মাহেকীয়া আলোচনী ‘জোনাক’ৰ উদ্যোগত বিশিষ্ট নাট্যকাৰ, সাহিত্যিক পেঞ্চনাৰ কিশোৰী মোহন পাঠকৰ প্ৰবন্ধ পুথি ‘জীৱন আৰু সাহিত্য’ৰ শুভ উন্মোচনআজি গুৱাহাটী প্ৰেছ ক্লাবত দিনৰ ১ বজাত বিশিষ্ট নাট্যকাৰ, সাহিত্যিক পেঞ্চনাৰ কিশোৰী মোহন পাঠকৰ প্ৰবন্ধ পুথি ‘জীৱন আৰু সাহিত্য’ৰ শুভ উন্মোচন মাহেকীয়া আলোচনী ‘জোনাক’ৰ উদ্যোগত অতি জাকজমকতাৰে উন্মোচন হৈ যায়। আদিতে বিশিষ্ট অতিথি সকলক ফুলাম গামোচা, কিতাপৰ টোপোলা আৰু কলমেৰে উষ্ম সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়। ‘জোনাক’ আলোচনীৰ পৰিয়ালবৰ্গৰ হকে মুখ্য সম্পাদক পুলকেশ ৰায় বৰুৱাই কিশোৰী মোহন পাঠকৰ আজিৰ শুভ জন্মদিন উপলক্ষ্যত এখনি গামোচা, কিতাপৰ টোপোলাৰে ৰাজহুৱাকৈ সম্বৰ্ধনা জনায়। , লেখক পুলকেশ ৰায় বৰুৱাই আঁত ধৰা, বিভা দেৱীৰ সুললিত কন্ঠৰ এটি গীতেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটিত প্ৰবন্ধ পুথিখনৰ শুভ উন্মোচন কৰে বিশিষ্ট লেখক, নাট্যকাৰ, অসম চৰকাৰৰ বিষ্ণু ৰাভা বঁটা প্ৰাপক জিতেন শৰ্মাদেৱে। অনুষ্ঠানটিত আবৃত্তিকাৰ ৰাজ কমল কলিতাই কবিতা আবৃত্তি আৰু ৰূই বৰাই আধুনিক গীত পৰিবেশন কৰে। সমজুৱাৰ ফালৰ পৰা পদ্মশ্ৰী ড° ৰোমান শৰ্মা, ‘পদপথৰ আবেলি কবিতা’ৰ সহকাৰী সম্পাদক কাবেৰী দাস, সাহিত্যিক পেঞ্চনাৰ চফিউৰ ৰহমান শইকীয়া-ধনীৰাম তালুকদাৰ, গুণীন চৌধুৰীয়ে শুভেচ্ছামূলক হিচাপে দুআষাৰকৈ কয়। সভাঘৰ শুৱনি কৰা অনুষ্ঠানটিত লিলি দাস, দিলীপ বৰুৱা, কানন বৰদলৈ, বনকোঁৱৰ আনন্দিৰাম দাসৰ জীয়ৰি নীলিমা দাস সহ অনেক শুভানুধ্যায়ী উপস্থিত থাকি সভাৰ পৰিবেশ সোণত সুৱগা চৰাই তোলে।