নলবাৰীত পাৰ কৰা দিনবোৰৰ কিছু আলোকচিত্ৰ,,,, আৰু বিল্বেশ্বৰ দেৱালয়ৰ কিছু কথা ,,,,,

বিল্বেশ্বৰ দেৱালয়ৰ বিশেষ,,,

নলবাৰী জিলাৰ কোঁচ ৰজা নৰনাৰায়ণৰ ৰাজত্বকালতকৈ আগৰ ঐতিহাসিক বিল্বেশ্বৰ দেৱালয়, এই দেৱালয় নলবাৰী জিলাৰ প্ৰায় ১৪/১৫ কিঃমিঃ দূৰত এই দেৱালয় অৱস্থিত ।
এই দেৱালয়ৰ এক বিশেষ কাহিনী আছে,,, এজন ব্ৰাহ্মণৰ এজনী গাই আছিল সেই গাইজনী গাখীৰ দিয়া নাছিল তেতিয়া এদিন ব্ৰাহ্মণজনে কথাটো ভাৱি চিন্তিত হ’ল আৰু গাইজনীৰ পিছে পিছে গৈ এক বিশেষ দৃশ্য প্ৰত্যক্ষ কৰিলে ,,, গাইজনীয়ে ৰৈ থকা ঠাইত নিজে নিজে গাখীৰ পৰি থকা দেখি সেই ঠাইত কি আছে তাৰ ৰসহ্য জানিবলৈ মাটি খান্দি খান্দি শিৱ লিংগ এটা পালে আৰু সেই লিংগ নুঠাবলৈ সপোন দেখুওৱালে তেতিয়াই সেই ব্ৰাহ্মণজনক বিৰিণা গছৰ তলত প্ৰতিষ্ঠা হোৱাৰ কথা ব্যক্ত কৰিলে আৰু সেই বিৰিণাৰ পৰা বিল্বেশ্বৰ আৰু পৰৱৰ্তী সময়ত বেলশৰ নাম হলগৈ,,,,
এই দেৱালয়ত ৩৩ কোটি দেৱতা আছে,,,
ইয়াৰ মাটি প্ৰায় ৫০০০ বিঘাতকৈয়ো অধিক,,,,
এখন বহুত ডাঙৰ পুখুৰী আছে,,,,
বিষ্ণু মন্দিৰ এখন আছে,,,,
২০,০০০ পুজাৰিয়ে পুজা পাটল কৰে,,,,,
মাটিৰ তলত শিৱ লিংগ স্থাপিত আছে,,,,

ৰসহ্যঃ

শিলবোৰ এটা নিৰ্দিষ্ট সময়ত মন্দিৰত ভ্ৰমি ফুৰে,,,

লিংগত পূজা অৰ্চনা কৰিবলৈ যাওঁতে বলধ, কাছ, নাগ আৰু গাভৰু হৈ দৰ্শন দিয়ে,,,,

দুৰ্গা পূজাৰ বিশেষঃ

এই দেৱালয়ত সকলো ঠাইতে মূৰ্তি স্থাপন কৰি পূজা-অৰ্চনা কৰা নহয়, এই দেৱালয়ত ৰাম কল গছ আৰু ৯ম পত্ৰিকাৰে সৈতে দেৱী এটা নিশাৰ ভিতৰতে নিৰ্মাণ কৰা হয়,,,

মোৰ বহু দিন আগতেই চিনাকি ককাই আৰু অভিনয়ৰ লগতে বিভিন্ন দিশৰ ওপৰত নিষ্ঠাৰে কাম কৰা কুলদিপ দা,,

নলবাৰী মুখি যাত্ৰা সময় খুৱেই ভাল,,, নলবাৰীৰে এজন ব্যক্তিৰ সৈতে মোৰ চিটটো আছিল,,, জুবিন,,,, নলবাৰী টাউন নাপাওঁতে গণেশ মন্দিৰত নামি বৰষুণ দি আছিল,,, গণেশ মন্দিৰৰ পৰা #পৰিস্মিতা ঘৰলৈ যাওঁতে ৪০০😠টকা ,,,, মই দিনৰে পৰা নেৰা নেপেৰা বৰষুণৰ কাৰণে বানপানী হৈ গ’ল,,, আঠটা দিন #পৰিস্মিতাৰ মাকে মোৰ নিজৰ মাতৃৰ দৰে মৰম দিলে যি মৰম আজিও মনত পৰে,,, নলবাৰীৰ দেৱালয় ফুৰিবলৈ #ককলিৰ লগত গলো তাইৰ সৈতে কিছু ক্ষণ পাৰ কৰিলোঁ,,,, নলবাৰী জিলাৰ এখন পুথিভঁৰাল যাৰ নাম শুনি আছিলোঁ সেই পুথিভঁৰাল গলো,, এটা বিশেষ হাঁহি ফ’ট দেখি আছিলোঁ চকুৰ আগত লগ পালোঁ #বৰষা বা জনীক ,,, অ এটা পাহৰিছোয়েচোন #ধৃতাশ্ৰীক পালো কিন্তু তাইৰ ঘৰলে এদিনো নামাতিলে,,, আৰু #পৰিস্মিতাৰ দেউতা সচাকৈয়ে তেওঁৰ বুকুত আমাৰ সংস্কৃতিৰ বৃহৎ সংস্কৃতি লোকাই আছে,,, #মিনাক্ষীক লগ কৰিম বুলি ভাবিলোঁ কিন্তু তাই নাহিল,,, অহ আমাৰ #কংকনা থাকি গৈছিল লগ পালোঁ বহুত কথা পাতিলোঁ। অহ আমাৰ #চয়নিকাৰ কথা নিদিলে আধৰুৱা হ’ব,,, চয়নিকাৰ ঘৰলে গৈ বহুত ভাল লাগিল,,,,

ধন্যবাদ @rintukurmi340 ধন্যবাদ #নলবাৰী জিলা,,,

#Nolbari #Balsor #Assam

Published by Rintukurmi

journalist

Design a site like this with WordPress.com
Get started