মোৰ প্ৰশ্ন ঃ
১/ দাদা পোন প্ৰথমে আপোনাৰ সম্পূৰ্ণ পৰিচয়তো জানিব বিচাৰিছোঁ।
২/ আপুনি শিক্ষা জীৱন ক’ত কেনেকৈ সাঙ কৰিলে।
৩/ আপোনাৰ জীৱনৰ মূখ্য লক্ষ্য কি?
৪/ আপোনাৰ জীৱনত আটাইতকৈ শ্ৰেষ্ঠতম ব্যক্তি কোন আৰু কিয়?
৫/ আপুনি সাংবাদিকতাৰ লগত কেনেদৰে জড়িত?
৫/ আপোনাৰ এটি স্মৰণীয় দিন ক’ব পাৰিবনে?
৬/ আপুনি আজিলৈকে লগ পোৱা কোনোবা মহান ব্যক্তি আছেনে? যদি আছে ক’ত কেনেকৈ লগ পাইছিল।সেই মূহুৰ্ততো কেনেকুৱা আছিল?
৭/ আপুনি কি কি সামাজিক কামত জড়িত আছে আৰু কি কি কৰে সমাজৰ হকে?
৮/ আপোনাৰ জীৱনত এটি পাহৰিব নোৱাৰা ঘটনা আজিও যদি স্মৰণীয় হৈ আছে তেন্তে কি?
৯/ আজৰি সময়ত আপুনি কি কৰি সময় অতিবাহিত কৰি ভালপায়?
১০/ আপুনি লিখা মেলা কেতিয়াৰ পৰা আৰম্ভ কৰিছিল?
১১/ আপোনাৰ প্ৰতিটো মূহুৰ্তত সাহস আৰু প্ৰেৰণা হিচাপে থিয় দিয়া কোনোবা ব্যক্তি আছেনে?
১২/ আজি আপুনি ইমান দূৰ সফলতাৰে আগুৱাই আহিলে সেয়া কাৰ বাবে ।তাৰ আৰত কোনোবা আছেনে?
১৩/ আপোনাৰ জীৱনৰ শ্ৰেষ্ঠতম উপহাৰ কি?
১৪/ আপুনি উঠি অহা প্ৰজন্মৰ বাবে কি কৰিব বিচাৰে? কি উপদেশ দিব বিচাৰে?
১৫/আগলৈ আপুনি আপোনাৰ গাওঁখনৰ বাবে কিবা কৰিম বুলি পৰিকল্পনা কৰিছেনে?
১৬/আপুনি কি কৰি আটাইতকৈ বেছি সুখ অনুভৱ কৰে?
১৭/আপোনাৰ জীৱনত এনেকুৱা এজন শিক্ষক আছেনে ? যিজন শিক্ষকে আপোনাৰ বাবে বহুত কৰিছিল?
১৮/ বৰ্তমান আপুনি কি কৰি আছে?
১৯/ আপুনি কি কি ঠাই ভ্ৰমণ কৰি কি কি অভিজ্ঞতা লাভ কৰিলে?
২০/ জীৱনৰ বাটত উজুটি খালে কাৰ কথা মনলৈ আহে?
ধন্যবাদ।
দিপশিখা ৰাজকোঁৱৰ।🔁🔁🔁🔁🔁🔁🔁🔁🔁🔁🔁🔁🔁🔁🔁🔁🔁🔁🔁🔁🔁🔁🔁🔁🔁🔁🔁🔁
১/ মই ৰিন্টু কুৰ্মী, গোলাঘাট জিলাৰ বোকাখাত ৰ এখন ঐতিহাসিক ঠাই অসমৰ ভিতৰতে এখন সত্ৰ কুৰুৱাবাহী সত্ৰৰ এখন সৰু গাঁও মধুপুৰ গাঁৱত মোৰ জন্ম মোৰ পিতৃ যোগেন কুৰ্মী আৰু মাতৃ লীলাৱতী কুৰ্মী।
২/মোৰ শিক্ষা জীৱন আৰম্ভ হৈছিল আমাৰ গাঁৱতে থকা অংগনাবাদি বিদ্যালয়ৰ পৰা সেই সময়ত কেৱল মই আৰু ভন্টি হাতত ধৰা ধৰিকৈ গৈছিলো। আমাৰ কথা আজিও বাইদেউ সকলে কৈ থাকে। বাইদেউসকল আছিল বন্তি বৰা আৰু অঞ্জনা বনিয়া।
প্ৰাথমিক শিক্ষা মধুপুৰ প্ৰাথমিক বিদ্যালয়ত হৈছিল প্ৰথম শ্ৰেণীৰ পৰা সকলোয়ে অলপ অলপকৈ চিনি পাইছিল দেউতা বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি আছিল। শিক্ষা গুৰুসকল আছিল ৰূপেশ্বৰ বড়া, দেৱজিৎ বৰা, চুকুমাৰ তাঁতী, দেউতা।
উচ্চতৰ আৰু উচ্চতৰ মাধ্যমিক শিক্ষাৰ বাবে কুৰুৱাবাহী অঞ্চলৰ এখন নাম থকা অনুষ্ঠান কুৰুৱাবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আৰম্ভ কৰিছিলোঁ। শিক্ষা গুৰুসকল আছিলঃ হাচনাহানা বেগম (অধ্যক্ষ) , ডিম্বেশ্বৰ গগৈ, ৰুনুমাই দাস, টুটুমনি নাথ (বৰ্তমানৰ অধ্যক্ষ) , দিলিপ কুমাৰ দাস, পুৰৱী গোহাঁই (অধ্যক্ষ), নীলিমা ৰাজখোৱা, হৰেণ শইকীয়া, মুহিৰাম লইং, ৰেখাৰাণী তামুলী, বিনন্দ চন্দ্ৰ বৰুৱা (অধ্যক্ষ), শ্ৰুতিমঞ্জুৰী মজুমদাৰ, ৰূপালী ঠাকুৰ, কবিতা নাথ, মৌচুমী বৰুৱা, ৰিজুমনি নাথ, বসন্ত হাজৰিকা, দিলীপ দাস, ত্ৰিদীপ পেগু, ৰুদ্ৰ শইকীয়া, পবিত্ৰ বৰা, দেবেন বৰা, ৰানা সন্দিকৈ, দিপালী শইকীয়া, শশীমা বৰুৱা, সঞ্জীপ বৰঠাকুৰ, প্ৰত্যুশ প্ৰাণ বৰুৱা।
উচ্চ শিক্ষাৰ বাবে বোকাখাতৰ এখন আগশাৰীৰ মহাবিদ্যালয় যোগানন্দ দেৱ সত্ৰাধিকাৰ গোস্বামী মহাবিদ্যালয়ত , ৰাজনীতি বিজ্ঞান সন্মানীয় বিষয় হিচাপে লৈ অধ্যয়নৰত শ্ৰদ্ধাৰ শিক্ষা গুৰুসকলঃ শান্তিছায়া বৰুৱা, প্ৰশান্ত শইকীয়া, শশাংক ধৱল শইকীয়া, নগেন্দ্ৰ নাথ নায়ক, নন্দিতা কাকতি।
৩/ জীৱনৰ লক্ষ্য বুলি LLB আৰু Mass communication ৰ শিক্ষা গ্ৰহণ কৰি সমাজৰ হিতৰ কাৰণে কাম কৰাৰ ইচ্ছা। নেদেখা জনে যদি সকলো ঠিকে ৰাখে তেন্তে নিশ্চয় লক্ষ্যত উপনীত হ’ম।
৪/মোৰ শ্ৰেষ্ঠতম ব্যক্তি হ’ল মা আৰু দেউতা , এওঁলোক অনন্য আৰু প্ৰেৰণা আৰু সাহস দি যায় প্ৰতিটো ক্ষণত, ভাল বেয়াৰ খবৰ ৰাখে এওঁলোকেই। পিতৃ দেৱ ভৱঃ মাতৃ দেৱ ভৱঃ।
৫/মই HS পঢ়ি থকা সময়ত এখন ব্যক্তিগত সংবাদ প্ৰতিষ্ঠান বঙাইগাঁও জিলাত কাৰ্যালয় আছিল , সেই প্ৰতিষ্ঠানৰ পৰাই প্ৰথম সংবাদ মাধ্যমৰ লগত জড়িত হৈছিলোঁ। আচলতে আমাৰ গাঁৱৰ সমস্যাৰাজি আৰু দুখিয়া নিচলাৰ দুখ দেখি মই ৰৈ থাকিব পৰা নাছিলোঁ তেওঁলোকৰ বাবে কিবা এটা কৰিবলৈ মন গৈছিল, চৰকাৰ বা প্ৰশাসনক জনোৱাৰ এটাই উপাই আছিল সংবাদ মাধ্যম।
৫/ স্মৰণীয় দিন বুলি ক’লে এটা কথা বৰকৈ মনলৈ আহে, সংবাদ মাধ্যমৰ এটা বহু ডাঙৰ অভিজ্ঞতা, মই প্ৰশ্ন এটা কৰাত ভুল হোৱাৰ বাবে এজন পুলিচ অফিচাৰৰ ধমক এটা খাবলগিয়া হৈছিল।
৬/মই জন্মগ্ৰহণ কৰিয়ে চকু মেলি দেখা পিতৃ মাতৃৰ সমান মহান ব্যক্তি ল’গ নাপালোঁ। অৱশ্যে মা কোৱা অনুসৰি দেউতাক ২১ দিন পৰ্য্যন্ত দেখা নাছিলোঁ।
৭/পুৱাই উঠিয়েই দিনটোত যিকোনো ধৰণৰ সাধ্য অনুসৰি সহায় কৰাৰ মানসিকতাৰে উঠা হয়। মই কি কি সামাজিক কামৰ লগত জড়িত বুলি ক’লে বিভিন্ন ধৰণৰ অনুষ্ঠান আছে কিন্তু মই ব্যক্তিগতভাৱে শৈক্ষিক দিশৰ উন্নয়নৰ বাবে গাঁৱত বিগত দিনবোৰত কাম কৰি আহিছোঁ।
৮/মই অষ্টম মান শ্ৰেণীত থকাৰ সময়ত নেপালৰ এখন চিকিৎসালয়ত মোৰ চকুত এটা ঔষধৰ টোপাল দিয়া হৈছিল তেতিয়া মই কান্দিছিলো কিজানি মই মোৰ চকু হেৰুৱালো বুলি কিন্তু সেই কথা পিছতহে গ’ম পালো যে চকুৰ লেতেৰাবোৰ চাফা কৰিবলৈ দিয়া হৈছিল।
৯/আজৰি সময়ত মা দেউতা, বন্ধু বান্ধৱী, দাদা বাইদেউ, জেষ্ঠ সকলৰ সৈতে কথা পাতো আৰু অন্যান্য কাম থাকে আৰু ম’বাইলত বিভিন্নধৰণৰ কাহিনীৰ সোৱাদ লও।
১০/লিখা মেলা বহুত আগৰে পৰাই কৰিছিলোঁ ষষ্ঠ শ্ৰেণীৰ পৰাই এখন সৰু বহী লগত থৈছিলো, দশম মান শ্ৰেণীত এজন ব্যক্তিৰ সান্নিধ্য পাই অনুপ্ৰাণিত হৈছিলোঁ তেখেতক এখন সভাত পাইছিলো তেখেতে কবিতা পাঠ কৰাত চিনাকি হৈছিলো তেখেত আছিল কবি দুলাল ৰবিদাস। তেখেতে সাহিত্যৰ পথাৰৰ খেতি কৰিবলৈ শক্তি যোগান ধৰিছিল।
১১/ নিশ্চয় সাহস আৰু প্ৰেৰণা প্ৰত্যেকটো সময়তে বন্ধু বান্ধৱী সকল আৰু শিক্ষা গুৰুসকলৰ লগতে পিতৃ মাতৃয়ে প্ৰতিটো কামতে সাহস আৰু প্ৰেৰণা হিচাপে থিয় দিয়ে এজন ব্যক্তি বা দুজন ব্যক্তি সাহস বা প্ৰেৰণা দিছে বুলি ক’লে ভুল কোৱা হ’ব।
১২/সফলতাৰ ছায়া এতিয়ালৈকে পৰা নাই যদিও এই সাধাৰণ সফলতাবোৰ একমাত্ৰ পিতৃ মাতৃ আৰু মোৰ ভাল চিন্তা কৰাসকলৰ বাবে আগুৱাই যাবলৈ সক্ষ্যম হৈছো।
১৩/ মোৰ জীৱনৰ শ্ৰেষ্ঠতম উপহাৰ বুলি ক’লে মই জন্মৰ পৰা এতিয়ালৈকে পোৱা মোৰ অভিজ্ঞতা। আৰু মোৰ ভগৱানৰ দান স্বৰূপ পিতৃ আৰু মাতৃ।
১৪/উঠি অহা প্ৰজন্মই কেৱল পাঠ্যপুথিৰ শিক্ষাৰ মাজতে সীমাবদ্ধ নাথাকি মানৱ জীৱনৰ প্ৰতিটো অভিজ্ঞতাই ল’বলৈ চেষ্টা কৰক। সহৎ লোকৰ বনবাস নিশ্চিত সেয়েহে ধয্য আৰু সহ্য কৰিব লাগিব। মহাভাৰতৰ পাণ্ডুপুত্ৰ ধৰ্মত অৰ্থাৎ সত্য আছিল যদিও বহু কষ্ট লাঞ্চনা, বঞ্চনা আদি বিভিন্ন ধৰণৰ কটু স্বৰ শুনিবলগিয়া হৈছিল তথাপিও অসহ্য হোৱা নাছিল যুদ্ধিস্ঠিৰ তেওঁ বুজিব পাৰিছিল তেওঁ সত্যৰ পঠত আছে বুলি। আমাৰ নৱপ্ৰজন্ম মহাভাৰতৰ পৰা শিক্ষা লওক ৰামায়ণ ৰ পৰা শিক্ষা লওক।
এতিয়ালৈকে উপদেশ দিব পৰা হোৱা নাই যদিও ছাত্ৰ ছাত্ৰী সকল মোৰ প্ৰিয় বাবে তেওঁলোকক মাজে সময়ে লগ কৰোঁ। আৰু শিক্ষা সম্বন্ধীয় কথাবোৰ বুজাই দিবলৈ যত্ন কৰোঁ।
১৬/আটাইতকৈ বেছি ভাল পাওঁ বুলি ক’লে কেইবাটাও কথা ক’ব লাগিব যেনে মানুহক সহায় কৰি, ছাত্ৰ ছাত্ৰী সকলৰ সৈতে আলাপ আলোচনা, বিভিন্ন ধৰণৰ আলোচনা চক্ৰ আদিবোৰ কৰি আত্মসন্তোষ্ঠি পাওঁ।
১৭/তেনেকুৱা এজন নিদিষ্ট শিক্ষক শিক্ষয়িত্ৰী নাই সকলোৰে মৰম আৰু সহায় পাই আহিছোঁ।
১৮/ বৰ্তমান শিক্ষাৰ লগতে জৰিত , যোগানন্দ দেৱ সত্ৰাধিকাৰ গোস্বামী মহাবিদ্যালয়ৰ স্নাতক মহলাৰ ছাত্ৰ, অসমীয়া সাহিত্যৰ চানেকি দৈনিক ই আলোচনী ৰ ব্যৱস্থাপনা সম্পাদক, ৰংকিমি দ্বিমাহিক আলোচনী ৰ সহযোগী সম্পাদক, ৱেব পৰ্টেল Public talks news ৰ সাধাৰণ সম্পাদক, আৰু বিভিন্ন সামাজিক অনুষ্ঠানসমূৰ লগত জড়িত হৈ জীৱন অতিবাহিত কৰি আছোঁ।
১৯/মোৰ জীৱনৰ আটাইতকৈ দীঘল যাত্ৰা আছিল আমাৰ কাষতে থকা ৰাজ্য নেপাল ।নেপাললৈ মোৰ চকু চিকিৎসাৰ বাবে গৈছিলো, মিচি নেত্ৰালয়লৈ।
অসমৰ বিভিন্ন ঠাইলৈ গৈছো , ঐতিহাসিক শিৱসাগৰ, যোৰহাট, তেজপুৰ, নগাঁও, শোণিতপুৰ, কামৰূপ, লক্ষিমপুৰ
এই ঠাইবোৰ ভ্ৰমণ কৰি যথেষ্ট অভিজ্ঞতা পাইছোঁ সেই অভিজ্ঞতাবোৰ কবলৈ হ’লে শেষ নহ’ব সেয়েহে পৰবৰ্তী সময়ত কবলৈ যত্ন কৰিম।
এটা কথা কৈ থওঁ ভ্ৰমণ কৰিলে বহু অভিজ্ঞতা পোৱা যায়।
২০/ জীৱনৰ বাটত উজুতি খালে মা লৈ বহুত মনত পৰে।
