এটা ল’ৰা আছিল সি মধ্যবিত্ত পৰিয়ালৰ সি সাধাৰণ ল’ৰাৰ দৰেই আছিল সিঁহতৰ পৰিয়ালত মাক দেউতাক সি আৰু ভন্টি আছিল সি ল’ৰাজন শিক্ষিত হোৱাৰ বাবে মাজে মাজে কিছুমান সৰু কাম পালে নগৰলৈ উলাই গৈছিল ! ল’ৰাজনৰ এটা কাম উলোৱাত এদিন টাউনলৈ গ’ল আৰু তাত থাকি কাম কৰি আছিল তেনেতে এদিন তাৰ জীৱনত বহুত ভুল কাম এটা কৰি দিলে সেই কাম সি কেতিয়াও কৰা নাছিল! এদিন তাৰ ওচৰৰে কক্ষ এটাত নিমন্ত্ৰন এটা আহিল যে “তুমি আজিৰ আহাৰ ইয়াতে গ্ৰহণ কৰিবা” সেই কথা ৰাখিবৰ কাৰণে সি আহাৰ গ্ৰহণ কৰিবলৈ গ’ল আহাৰ গ্ৰহণ কৰা কিছু ক্ষণৰ পাছত সেই কক্ষৰ এগৰাকীৰ ৰোগ এটাৰ হ’ল যি ৰোগৰ বাবে ল’ৰাজন সেই কক্ষ এৰি যাব নোৱাৰা হ’ল ! সেই কক্ষত ৰাতিটো কটালে সেই ৰাতিটো কেনেকুৱা আছিল কেৱল ল’ৰাজনেহে জানে! সেই কক্ষত এগৰাকী ল’ৰাজনৰ বয়সৰ ছোৱালী এগৰাকী আছিল সেই ছোৱালীজনী ভয়তে ল’ৰাজনক আলিংগন কৰিলে তেতিয়া ল’ৰাজন কিবা গৰম হৈ গ’ল আৰু ল’ৰাজনেও ভয় খালে আৰু অলপ তাই চকুলে চা’লে তাই চকুয়ে যেন ল’ৰাজনক সংগী কৰা বা প্ৰেমিক হোৱাৰ সংকেত দিছে । ছোৱালীজনী ল’ৰাজনৰ কাষতে শুই থাকিল আৰু কেতিয়া তেওঁলোকৰ মাজত প্ৰেম হোৱাৰ লগতে কি হ’ল গ’মকে নাপালে ! কিন্তু ল’ৰাজন মধ্যবিত্ত পৰিয়ালৰ হোৱাৰ বাবে কোনোধৰণৰ কথা দিব নোৱাৰা হ’ল! ল’ৰাজনে এতিয়াও সেই কথাবোৰ ভাৱি আবেগিক হয় ! ভাৱে আৰু কান্দি থাকে! উপাই বিহিন তাৰ জীৱন !মনলৈ আহে তাই সপোনলৈ আহে ঘূৰি ল’ৰাজনৰ কিন্তু ক’ব নোৱাৰে ছোৱালীজনীক!
rin2
