





























ম’লাই আৰু আমিবোৰ সেইদিনা আছিল জানুৱাৰীৰ ৬ তাৰিখ ২০২১ । মই পুৱাতে ৪ বজাতে উঠিলো মায়ে খাই যাবলৈ খোৱাৰ ব্যৱস্থা কৰিলে আৰু ভন্টিয়ে জোতাজোৰ চাফা কৰিলে । মই গা ধুবলৈ আৰম্ভ কৰাৰ আগত ঠাণ্ডাত কপি আছোঁ, হিঃহিঃ উপাই বিহীন গা ধুবই লাগিব এতিয়া কৰো কি? মই বাল্টিত পানী ভ'ৰাই ল'লো আৰু একেবাৰতে ঢালি দিলো আৰু গা ধুবলৈ আৰম্ভ কৰিলোঁ। গা ধোৱা হোৱাৰ পিছত মায়ে জ্বলোৱা জুইৰ কাষত বহিলো মায়ে "মা" ৰ সৰুৰ অভিজ্ঞতাবোৰৰ কথা কৈ আছিল ।মই সেইবোৰ শুনি লৈ খানা খালো আৰু প্ৰায় ৬ টাতে ঘৰৰ পৰা মোৰ বুলেট(মোৰ মৰমৰ চাইকেলখন) লৈ ঘৰৰ পৰা ওলালো চাৰিওফাল কুৱঁলীৰে পৰিপূৰ্ণ, একো দেখা নাই উপাই নাই গাড়ী ৭ টা বজাত পাব কুৰুৱাবাহী তিনিআলিত সেই কাৰণে গ'লো । আমাৰ কুৰুৱাবাহীৰ ইতিসাহ আছে এতিয়া নকওঁ বাৰু বেলেগ এদিন ক'ম। এতিয়া মেইন কথালৈ আহোঁ , কুৰুৱাবাহী তিনিআলিলৈ উলাই গ'লো জিৰণি ঘৰত অপেক্ষা কৰি আছো কেতিয়া আহিব গাড়ীখন তেনেতে বন্ধু প্ৰণয় গোস্বামী আহিল তাৰ লগত কথা পাতি পাতি বহু সময় অপেক্ষা কৰিলোঁ! শেষত এটা ফ'ন মানে দুটা ফ'ন ৰশ্মি আৰু আকাশে ফ'ন কৰি সুধিছে " ক'ত আছা ৰিন্টু ? ৰাস্তাৰ কাষলৈ উলাই আহা। " আৰু গাড়ীখন পালো। সকলোৰে মুখত উজ্বলতা আৰু সুখ । মোক বিশ্বজিত দায়ে তাৰ কাষতে বহিবলৈ ক'লে বহাৰ অলপ পিছত মনত পৰিল মই মোৰ মই fees টো দিয়া নাই দি ল'লো আৰু বহিলো! সকলোৰে নৃত্য আৰু চিঞৰ। এইবোৰ আনন্দ মুখত বিৰিঙিচে হেপাঁহ চাবলৈ গৈ আছো "মলাই" । মই এটা ধেমেলিয়া dance কৰি থকা সময়ত আকাশে ভিডিঅ কৰি whatsapp status ত দি ভাইৰেল কৰি দিলে সকলোৰে মোক দেখি হাঁহি।
গৈ গৈ যোৰহাট পাই আমাৰ break fast খোৱাৰ কথা হ’ল সেইবোৰ আমি যোৱাৰ আগৰ দিনাই ব্যৱস্থা হৈ গৈছিল । ব্ৰেড আৰু বহুত কিবাকিবি আছিল। লগতে আছিল এটা কণী ,কণী হিজোৱাৰ দায়িত্ব দিয়া হৈছিল আকাশ (আকাশ ঘোষ)ক কিন্তু সি আধা সিজোৱা কণী লৈ গৈছে হাঃহাঃ হাঁহি খং প্ৰায়বোৰৰে সি চ’ৰি চ’ৰি হে কৈ আছে অকল। সকলোয়ে সুধি আছে কণী কোনে সিজাইছিল সি মোৰ ওচৰতে বহি নিমাত । বিশ্ব(বিশ্বজিত দাস)য়ে চাহ আনি বিলাই আছে মোকো দিলে চাহ ।চাহ গাড়ীৰ চকীত বহি খোৱাৰ অভিজ্ঞতা হাঃহাঃ এবাৰ চাব । না লৰ চৰ হ’ব পাৰিছো না আওজিব পাৰিছো শেষত উপাই নাপাই আকাশে মোক কৈছে “ৰিন্টু ধৰাছোন গ্লাচটো” মই ধৰি আছো মোৰ হাঁহি য়ে কৈ আছে হাঁহাঁ ! একো নাই সেইটো সময়তে এটা ফ’ন আহিল মলাই মানৱৰ জী মুনমুনি পেগু বাইদেউৰ ফ’ন “তোমালোক আহি আছা নে কি? তোমালোকৰ এজনে মোক live location বিচাৰিছে” মই ক’লো ঠিক আছে মোক whatsapp ত দি দিয়ক । location দিয়াৰ পিছতে সেই location ৰ মতেই আমি গ’লো আৰু যি ৰাস্তাত গ’লো সেই ৰাস্তা ব’ৰ বিপদজনক আছিল তথাপিও ড্ৰাইভাৰ জনে সেই ৰাস্তা সুকলমে পাৰ কৰিলে ! ড্ৰাইভাৰ জনে ২৭ বছৰ গাড়ী চ’লোৱা অভিজ্ঞতা আছে বুলিও কৈছিল !শেষত আমি গৈ গৈ অসমৰ যোৰহাট জিলাৰ ককিলামুখৰ ওচৰৰ ব্ৰহ্মপুত্ৰৰ ঔনামুখ চাপৰিৰ এক বৃহৎ এলেকাত গছপুলি ৰোপণ কৰি এখন অৰণ্যলৈ ৰূপান্তৰ কৰো। ৫৫০ হেক্টৰ অঞ্চল জুৰি থকা অৰণ্যখন যাদৱ পায়েঙৰ সন্মানাৰ্থে ‘মুলাই কাঠনি’ নামেৰে নামকৰণ কৰা হৈছে।ঔনামুখ চাপৰিটো ব্ৰহ্মপুত্ৰৰ এটা বৃহৎ চৰ। ইয়াৰ দৈৰ্ঘ্য প্ৰায় ২৭ কিলোমিটাৰ আৰু বহলে প্ৰায় ১৫ কিলোমিটাৰ। সেই ম’লাই যোৱাৰ ব্ৰক্ষ্মপুত্ৰ পাৰ পালো গৈ ব্ৰক্ষ্মপুত্ৰ আমাৰ গাড়ী ৰখোৱা ঠাইৰ পৰা প্ৰায় ৪/৫ কিলোমিটাৰ নিলগত আছিল ,ম’লাইলৈ আমাক লৈ যোৱা গাইড জিতু দা আহি আমাক ল’গ কৰিলে আৰু ম’লাইলৈ বুলি লৈ গ’ল! আমি বালিৰ মাজেৰে ধেমালি কৰি কৰি নদীৰ কাষ পালোগৈ আৰু মেছিন নাওঁত উঠিলো ,মেচিন নাওঁত উঠাৰ আনন্দত আত্মহাৰা সকলো। এখন মেচিন নাঁওত প্ৰায় ২০/২৫ জন যাত্ৰীহে যাব পাৰে সেয়েহে আমাৰ সকলোকে পাৰ হ’বলৈ ২ বাৰ লাগিল , ব্ৰক্ষ্মপুত্ৰ পাৰ হৈ আকৌ ৩/৪ কিলোমিটাৰমান খোজ কাঢ়িব লগিয়া হৈছিল সেই খোজ কঢ়া মূহূৰ্তত মই আগতে ম’লাইৰ বিষয়ে পঢ়িছিলো যদিও google ত অলপ পঢ়ি পঢ়ি গ’লো । ম’লাই যোৱাৰ ক্ষণত বগৰী গছ বহুত পাই গৈছিলো সেই বগৰী খাই খাই আমি কেতিয়া ম’লাই কাঠনি পালো গ’মকে নাপালো। কাঠনিৰ মাজতে আছিল সৰু ঘৰ কিছুমান য’ত ম’হ বন্ধা আছিল আৰু সেই কাঠনীৰ ৰখীয়া কৰা ককাই কেইজনে মাছ ভাজি আছিল।মাছ ক’ৰ সুধাত সহজ সৰল ভাষাৰে কৈছিল “আমাৰ ওচৰতে থকা সেই বিল খনৰ মাছ ” বাঘ ওলাই নে? “ওলাই অলপ আঁতৰতে থাকে” ভয় লাগে নেকি? “নাই নালাগে নালাগে” এনেধৰণৰ সাধাৰণ কথাবোৰ পাতি তেওঁলোকৰ লগত চিনাকী হ’লো ,তাতে আমাৰ চিজনা,হ’তে বগৰী খাবলৈ নিমখ বিচাৰি খালে আৰু খোৱা হোৱাৰ পিছত আমাৰ জিতু ককাইয়ে যাদৱ পায়েং ডাঙৰীয়াই প্ৰথম যি গছ ৰুইছিল সেই গছজোপা দেখুৱাবলৈ লৈ গৈছিল ,সেই গছজোপা পায়েং ডাঙৰীয়াই বান পানীত বৈ আহি থকা সময়তে ৰখাই লৈ সেই গছজোপা লালন -পালন কৰি ডাঙৰ কৰিছিল আৰু তেতিয়াৰে পৰা তেওঁ এই গছ ৰোৱাৰ কাম আৰম্ভ কৰিছিল, ম’লাইলৈ হাতী ,বাঘ, চ’ৰাই চিৰিকটি আদি বিভিন্ন জীৱ জন্তুৰ আগমন ঘটে, বিভিন্ন দেশী বিদেশী পৰ্যটকৰো আগমন হোৱাৰ কথাও জানিবলৈ দিয়ে জিতু দায়ে আৰু বিভিন্ন ধেমেলীয়া কথাৰে আহি আহি আগৰ দৰে অলপ খোজ কাঢ়ি আহি নাওঁত পাৰ হৈ আকৌ আকৌ খোজ কঢ়াৰ পিছত গাড়ীৰ ওচৰ পালোহি ।আহি পায়ে নিসিজা কণীবোৰ গাড়ীত গৰম হৈ সিজি গৈছিল অলপ অলপ সেইবোৰ খাই গাড়ীত সকলোয়ে উঠিলো ।আমাৰ নায়ক ছাৰৰ চুগাৰ কমি যোৱাত মৰ্টন আনি দিয়াতহে ভাল পালে ।আকৌ গাড়ীত বহি আমি পায়েং ডাঙৰীয়াক লগ কৰিবলৈ তেওঁৰ ঘৰলৈ গ’লো তেওঁ কোনোবা ৰাষ্ট্ৰীয় সাংবাদিক তেওঁক লগ কৰিবলৈ আহিছিল তেওঁলোকক লগ কৰি অহাৰ আগতে আমি আহি পৰিয়ালৰ সদস্যসকলৰ লগত কথা বাৰ্তা পাতিছিলো আৰু পায়েং ডাঙৰীয়াৰ পত্নী ,পুত্ৰৰ,আৰু ছোৱালীৰ সৈতে কথা পাতি থকাৰ সময়তে পায়েং ডাঙৰীয়া আহি উপস্থিত হৈছিল আৰু তেওঁক জে ডি এছ জি মহাবিদ্যালয়ৰ ৰাজিনীতি বিজ্ঞান বিভাগৰ তৰফৰ পৰা সম্বৰ্দ্ধনা জনোৱাৰ লগতে তেওঁৰ লগত ফট উঠিবলৈ হেতাঁওপৰা লাগিছিল ,মইয়ো বাৰু উঠিলো একপি। তেখেতে লক ডাউনৰ প্ৰসংগত কৈছিল “বিশ্বত যদি এনেকুৱা আৰু এবাৰ লক ডাউন দিয়া হয় তেনে প্ৰকৃতিৰ ভাৰসাম্যতা ঘূৰি আহিব” খন্তেক সময়ৰ বাবে আমি তেখেতৰ কোৱা কথাবোৰ শুনাৰ পিছত গড়ীত আহি বহিলো আৰু যোৰহাটত পেট পূজা কৰি আকৌ গাড়ীতে বহিলো। এইবাৰ খাই বৈ সকলোৰে এনাৰ্জি বাঢ়ি গ’ল যিমান সন্ধিয়া হৈ আছে সিমানে আমাৰ নৃত্য চলিছিল গাড়ীৰ ভিতৰত গাড়ীৰ ভিতৰত মইয়ো মাজে সময়ে নজনা নাচবোৰ দি থাকিলো। আকৌ বহুত ফুৰিম বুলি ভাবিছিলো কিন্তু সময়ৰ নাটনি হ’ল ।আহি আহি মই কুৰুৱাবাহী তিনি আলি পালো , মইয়ে প্ৰণয়ে গাড়ীৰ পৰা নামিলো মই মোৰ ৰাজদুতখন উৰফে চাইকেলখন ললো আৰু ঘৰলৈ যাত্ৰা আৰম্ভ কৰিলো।
ৰিন্টু কুৰ্মী
৭০৮৬২১১৪৭৮
